ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২০ জুনঃ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষীয়ে বুধবাৰে এজন কুখ্যাত ড্ৰাগছ মাফিয়াক প্ৰায় ১ কিলোগ্ৰাম ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এক কুখ্যাত ড্ৰাগছ সৰবৰাহী চক্ৰই বুধবাৰে দিনৰ ভাগত বৃহৎ পৰিমানৰ ড্ৰাগছ জিলাখনৰ বৰডুমচাৰলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ খবৰ লাভ কৰাত পেঙেৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া সঞ্জীৱ শইকীয়াৰ নেতৃত্বত পেঙেৰী আৰক্ষীৰ এটা দলে ড্ৰাগছ মাফিয়াৰ সন্ধানত অভিযান আৰম্ভ কৰে৷ পেঙেৰী আৰক্ষীৰ অভিযানত প্ৰায় ১ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছসহ জেৰান পুৰ্তি নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জেৰান পুৰ্তি নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জনে আৰক্ষীৰ চকুত ধূলি দি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায়ী চলাই আছিল। জেৰান পুৰ্তিৰ ঘৰ পেঙেৰীৰ ২ নং কুজুপথাৰত বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ইতিমধ্যে জেৰান পুৰ্তিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷