ছয়গাঁও
২২ আগষ্ট

ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ আন এক সফলতা। শুকুৰবাৰে নিশা এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ছয়গাঁৱৰ চণ্ডিকা গেটৰ ওচৰত দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে তিনিটা ড্ৰাগছৰ কণ্টেইনাৰ, এখন স্কুটি আৰু নগদ ৫৫৯০ টকা উদ্ধাৰ কৰে।

ড্ৰাগছ ব্যৱসায়ী দলটোৱে চণ্ডিকা গেটত আৰক্ষীক দেখা পায় পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি গৈ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ হাতত ধৰা পৰাৰ আগমূহুৰ্তত ড্ৰাগছ ব্যৱসায়ী কেইজনে লগত থকা ড্ৰাগছৰ কণ্টেইনাৰ বোৰ যেনিতেনি দলিয়াই দিয়াৰ আৰক্ষীয়ে তিনিটা কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী দুজন হ’ল ৰামপুৰৰ অমৰ মজুমদাৰ আৰু প্ৰকাশ কলিতা। দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই থকা এই দলটোৱে শুকুৰবাৰে বিজয়নগৰৰ এজন ব্যক্তিৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন অন্য অপৰাধমূলক কামৰ লগতো জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যোৱা ২৩ এপ্ৰিল তাৰিখে ৰামপুৰ উৰণীয়া সেতুৰ তলত এজন ব্যক্তিৰ পৰা মোবাইল ফোন আৰু নগদ ধন কাঢ়ি নিয়াৰ অপৰাধত ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত ১৯৭/২০২০ নম্বৰ গোচৰ এটাও ৰুজু হৈ আছে।