তামুলপুৰ, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ১২৭(ডি) ৰঙিয়া ভূটান পথত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, প্ৰধানমন্ত্ৰী হুচিয়াৰ, সৰ্বানন্দ সৰ্বনাশ, মুখ্যমন্ত্ৰী হুছিয়াৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে তামুলপুৰ ঘগ্ৰাচক। প্ৰতিলিপি দাহ কাৰ্যসূচিত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিৎ দাস, তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দমন পাটোৱাৰী, সম্পাদক অনুপ কলিতাসহ ছাত্ৰ নেতা সকল উপস্থিত থাকে। ইপিনে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া – ভূটান ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুতলিকা দাহ কৰে ।