তামুলপুৰ, সংবাদ ৩৬৫, ৪ জানুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ নাগ্ৰীজুলি বজাৰৰ সমীপত শুকুৰবাৰে দিনৰ ১২ বজাত গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনত আঠ লাখ টকা ব্যয় সাপেক্ষে এছ.ও. ডি.পি. আঁচনিৰ জৰিয়তে নিৰ্মান হ’বলগীয়া এটি ৰাজহুৱা প্ৰসাৱগাৰৰ আধাৰশিলা স্থাপন কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীয়ে। শুকুৰবাৰৰ এই অনুষ্ঠানত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জ্যোতিষ কাকতিসহ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী, নাগ্ৰীজুলি টি চি এল চি চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত বসুমতাৰী, নাগ্ৰীজুলি ভি চি ডি চিৰ অধ্যক্ষ প্ৰদীপ চৰকাৰসহ স্থানীয় ব্যক্তি সকল উপস্থিত থাকে। নাগ্ৰীজুলিৰ উপৰিও তামুলপুৰ উন্নয়ন খণ্ডৰ অধীনৰ পাটকীজুলি সাপ্তাহিক বজাৰতো একেই আঁচনিৰ অধীনৰ আঠ লাখ টকীয়া ৰাজহুৱা প্ৰসাৱগাৰৰ আধাৰশিলাও নিৰ্মান কৰে শুকুৰবাৰে তামুলপুৰৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীয়ে। তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰী আৰু তামুলপুৰ উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই ৰাজহুৱা প্ৰসাৱগাৰটোৰ আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক গৰাকীয়ে তামুলপুৰৰ বিভিন্ন দিশ সামৰি উন্নয়নৰ পৰিকল্পনাও হাতত লোৱা বুলি এই কাৰ্যসূচীত ৰাজহুৱা ভাবে ঘোষণা কৰে।