তামুলপুৰ, সংবাদ ৩৬৫, ১৬ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছিত বুধবাৰে এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিধেয়কখন বাতিলৰ দাবীত এবিএমছুয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তিৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে। এবিএমছুৰ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কৰাত পথ ওপৰত কেইবা শতাধিক বাহন আবদ্ধ হৈ পৰাত তীব্ৰ যানযঁতৰ সৃষ্টি হয়।  প্ৰতিবাদী সকলে পথ অৱৰোধ কৰি বিজেপি চৰকাৰ মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধায়ক  বাতিল কৰক শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়।