তামুলপুৰ, সংবাদ ৩৬৫, ১২ জানুৱাৰী: অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাত শনিবাৰে তামুলপুৰত কলিতা জনগোষ্ঠীক জনজাতিকৰণ দাবীত তামুলপুৰ জিলা সমিতি, তামুলপুৰ আঞ্চলিক আৰু কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাই এক ঘন্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । তামুলপুৰৰ ঘগ্ৰাচকত ৰূপায়ন কৰা এই পথ অৱৰোধ কাৰ্যসূচীত তামুলপুৰ জিলা সমিতিৰ সভাপতি বিশ্বজিৎ ডেকা, নৱ নিৰ্বাচিত সভাপতি কানুৰাম কলিতা, কাৰ্যকাৰী সভাপতি বিপুল লহকৰ, সাধাৰণ সম্পাদক লৱধৰ কলিতা, আঞ্চলিক সমিতিৰ সভাপতি নৃপেন বৰা, সধাৰণ সম্পাদক ভূপেন্দ্ৰ কলিতা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ উপ সভাপতি সমৰজ্যোতি কলিতা, সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ সভাপতি প্ৰাণজিত কলিতা, সাধাৰণ সম্পাদক ৰত্নেশ্বৰ কলিতা আদিকে ধৰি কেইবা শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। অংশগ্ৰহণকাৰী সকলে অসম চৰকাৰ গো বেঁক, আমাৰ দাবী ন্যায্য দাবী, আমাক এছ টি লাগিবই , নো এছ টি নো ৰেষ্ট, আমাক প্ৰাগজ্যোতিসপুৰ লাগিবই, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে কলিতা জনগোষ্ঠীক অনুসুচিত জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, কলিতা সকলৰ বাবে এখন সুকীয়া উন্নয়ন পৰিষদ গঠন কৰা, বি টি এ ডিৰ লগতে অসমৰ প্ৰত্যেকখন স্বায়ত্ব শাসিত পৰিষদত ভূমি অধিকাৰ সু নিশ্চিত কৰা আৰু মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত কলিতা জনগোষ্ঠীৰ ইতিহাস অন্তৰ্ভুক্ত কৰাৰ দাবীত তামুলপুৰ মকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইফালে পথ অৱৰোধ কাৰ্যসূচীৰ সময়ত ৰাষ্ট্ৰীয় পথচোৱাত তীব্ৰ জান যঁতৰ সৃষ্টি হয়।