তামুলপুৰ, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তামুলপুৰত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তামুলপুৰত শনিবাৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্যকাৰ্যালয়ৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি শৱদেহ লৈ এক সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বান্দ সোনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে। ইপিনে সমদলটো মেডিকেল চক পোৱাৰ লগে লগে তামুলপুৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত কিছু সময় টনা-আজৰা হয় । পিছত তামুলপুৰ আৰক্ষীয়ে বাক্সা জিলা কৃষক মুক্তিৰ সভাপতি নিলধৰ কলিতা, সাধাৰণ সম্পাদক থানেশ্বৰ কলিতা, সাংগঠনিক সম্পাদক ৰবীন ৰাভা, গান্ধীবাৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বুবুল ডেকা আদিকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰি তামুলপুৰ থানালৈ লৈ যায় ।
