তামুলপুৰ, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটা চকত শুকুৰবাৰে নিশা এক জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে চাৰিজন জুৱাৰী আটক কৰিবলৈ সক্ষম হয় । আটকাধীন জুৱাৰী চাৰি গৰাকী হৈছে চুনফু ব্ৰহ্ম, চমেন বড়ো, আব্দুল লতিব আৰু ৰিন্টু আলীক । উল্লেখ্য যে তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত আৰক্ষী দল এটাই এক গোপন সুত্ৰৰ পমখেদি বৰখাটা চকত অভিযান চলাইছিল। অভিযান কালত আৰক্ষীৰ দলটোৱে ঘাটিটোৰ পৰা জুৱাৰ সামগ্ৰী, নগদধন ৩০১০ টকা , চাৰিটা মোৱাইল, দুখন বাইক জব্দ কৰি থানালৈ লৈ আনে। জব্দকৃত বাইক দুখনৰ নম্বৰ এছ ০১ এ এন ৪৬২০ আৰু এ এছ ০১ টি ৫৬৩১ । ইপিনে জুৱাৰী চাৰিজনৰ বিৰুদ্ধে তামুলপুৰ থানাত এটা গোচৰ ৰুজু কৰি জেল হাজেতলৈ প্ৰেৰণ কৰে।