তামুলপুৰ, সংবাদ ৩৬৫, ৯ নৱেম্বৰ: জাতীয় “সাংস্কৃতিক ঐক্য মঞ্চ” তামুলপুৰ মহকুমা সমিতি আৰু তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত অহা ১১ নৱেম্বৰৰ দিনা দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত “জনগোষ্ঠীয় নৃত্য সমাৰোহ ” “সেতু দ্যা ব্ৰীজ “ৰ আয়োজন কৰা হৈছে । সেইদিনা অঞ্চলটোৰ দহটা বিভিন্ন জনগোষ্ঠীৰ দহ হাজাৰ নৃত্য শিল্পীয়ে একেলগে নৃত্য পৰিৱেশন কৰিব । কাৰ্যসূচী অনুসৰি ১১নৱেম্বৰৰ দিনা পুৱা ৯ বজাত বন্তি প্ৰজ্বলন কৰিব তামুলপুৰৰ বিশিষ্ট অভিনেতা প্ৰফুল্ল চন্দ্ৰ মহন্ত আৰু বিশিষ্ট সাংস্কৃতিককৰ্মী মদন মোহন শৰ্মাই । ৯ -১৫ বজাত পতাকা উত্তোলন কৰিব জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ তামুলপুৰ মহকুমা সমিতিৰ সভাপতি গোপী নাথ দাস আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ৰামেশ্বৰ ব্ৰহ্মই। পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পন কৰিব জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ তামুলপুৰ মহকুমা সমিতিৰ সম্পাদক নগেন টুডু আৰু আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তামুলপুৰ আঞ্চলিক সমিতিৰ সম্পাদক ব্ৰজেন মহন্তই । পুৱা ১০ বজাত জনগোষ্ঠীয় নৃত্য সমাৰোহ ক্ষেত্ৰ মুকুলি কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়োই। সমাৰোহ সঞ্চালনা কৰিব অভিনেতা অভিজিৎ দাসে । পুৱা ‍১০-৩০ বজাত অতিথি সম্বৰ্ধনা অনুষ্ঠান । সমাৰোহ উদ্বোধন কৰিব তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে । সমাৰোহত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰিব প্ৰাগ নিউজ চেনেলৰ জ্যেষ্ঠ অনুষ্ঠান কাৰ্যবাহী মন মৰমী মহন্ত, আৰু এ চি এছ সঞ্চালিকা বৰ্ণালী শৰ্মাই। নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰিব সীমান্ত শাখা সঞ্চালক ভাস্কৰজ্যোতি মহন্তই। বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰিব লোক সভাৰ সাংসদ নৱ কুমাৰ শৰনীয়া, জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা , বি টি চিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰী আৰু মহেশ্বৰ বসুমতাৰী, বি টি চিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, অসম বাণীৰ মুখ্য কাৰ্যবাহী সম্পাদক দিলীপ চন্দন, আৰু আৰক্ষী অধীক্ষক বিনয় কুমাৰ কলিতাই। উক্ত সমাৰোহত আমন্ত্ৰিত অতিথি হিচাবে অংশ গ্ৰহন কৰিব তামুলপুৰ অঞ্চলৰ ৰাজনৈতিক আৰু অৰাজনৈতিক ব্যক্তি, দল আৰু সংগঠনৰ সভাপতি আৰু সম্পাদক সকলে ।