তামুলপুৰ, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: এজন সুস্থ্য ব্যক্তিৰ অধিকাৰী হ’বলৈ সু-স্বাস্থ্যৰ অধিকাৰী হোৱাটো অতিকৈ প্ৰয়োজনীয়। গ্ৰাম্যাঞ্চলত স্বাস্থ্য সজাগতা বৃদ্ধি তথা গ্ৰাম্যাঞ্চলৰ চিকিৎসাৰ মান উন্নত, সুলভ চিকিৎসা প্ৰদানৰ উদ্দ্যশ্যে তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ কাৰ্যালয়ত জি এন আৰ চিৰ স্বাস্থ্যমিত্ৰ প্ৰকল্পৰ এখন সভা অনুস্থিত হয়। উক্ত সভাত জি এন আৰ চিৰ চি ই অ’ তথা অসমৰ প্ৰখ্যাত চিকিৎসক ডা.নোমল চন্দ্ৰ বৰা উপস্থিত থাকি তামুলপুৰৰ বিভিন্ন গাৱঁত থকা স্বাস্থ্যমিত্ৰ সকলৰ লগত বাৰ্তালাপ কৰি এই অঞ্চলৰ ৰাইজে যাতে জি এন আৰ চিয়ে আগবঢ়োৱা সকলো সা-সুবিধা লাভ কৰে তাৰ বাবে সকলো স্বাস্থ্যমিত্ৰকে সজাগ হৈ থাকিবলৈ কয়। উক্ত সভাত স্বাস্থ্যমিত্ৰ প্ৰকল্পৰ তামুলপুৰ খণ্ড উন্নয়ন বিষয়া মুনিন্দ্ৰ ডেকাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।