তামুলপুৰ, সংবাদ ৩৬৫, ১৪ জানুৱাৰী: অসমৰ ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিৰোধিতা কৰা সদৌ অসম ট্ৰাইবেল সংঘ আৰু বি টি চিৰ শাসকীয় দল বি পি এফৰ বিৰুদ্ধে সোমবাৰে পুৱা তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত সদৌ চাওঁতাল ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই বি পি এফ দল তথা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম আৰু বিশ্বজিত দৈমাৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কুমাৰীকাটাত ৰঙিয়া – ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, চন্দন ব্ৰহ্ম মুৰ্দাবাদ, সাংসদ বিশ্বজিৎ দৈমাৰী মুৰ্দাবাদ, ট্ৰাইবেল সংঘ মুৰ্দাবাদ, ই ওৱান এছ টি আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্য্যসূচীৰ ফলত বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ যান বাহানৰ চলাচল বন্ধ হৈ পৰে ।