বাক্সা, সংবাদ ৩৬৫, ১০ মেঃ বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীত সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্বনৰ বাক্সা জিলা সমিতিৰ উদ্যোগত সুকুমাৰ  বিশ্বাসৰ প্ৰতিমূৰ্তি দাহ। কিছুদিন পূৰ্বে সুকুমাৰ বিশ্বাসে নিজকে ১৬ টা বঙালী সংগঠনৰ নেতা বুলি মন্তব্য প্ৰকাশ কৰাত বাঙালী সম্প্ৰদায়ৰ জনসাধাৰণৰ লগতে দল সংগঠন ক্ষোভিত হৈ পৰিছে। বঙালী সম্প্ৰদায়ৰ লোকসকলক একাংশ দালালে নিজে ত্ৰানকৰ্তা হিচাপে পৰিচয় দিব বিচাৰে বুলি অভিযোগ কৰে সংগঠনটোৰ বাক্সা সমিতিৰ সম্পাদক পৰিমল শিলে। বৃহস্পতিবাৰে গুৱাৰীৰ ৰাজপথত সংগঠনটোৰ শতাধিক   সদস্য আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আগন্তুক দিনত সুকুমাৰ বিশ্বাস নামৰ ব্যক্তিজনে ভবিষ্যতে এনেধৰণৰ বক্তব্য নকৰিবলৈ আহ্বান জনায়।