তামুলপুৰ, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ কেঁকেৰীকুছি চ’কত মঙ্গলবাৰে দিন দুপৰতে সংঘটিত এক ধন লুটৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে উত্তৰ পূৱ ক্ষুদ্ৰ বিত্তীয় বেংক – তুলসীবাৰী শাখাৰ দুজন ক্ৰেডিট বিষয়া সোণমনি কলিতা আৰু ভাস্কৰ কলিতাই ঔখাৰী গাঁৱৰ পৰা গোটৰ ঋনৰ কিস্তিৰ ধন সংগ্ৰহ কৰি কেঁকেৰীকুছি গাঁৱৰ মাজেৰে নিজ কাৰ্যালয়লৈ আহি থকা অৱস্থাত বেংক বিষয়া দুজনৰ পৰা এখন পালচাৰ বাইকত মুখত ক’লা কাপোৰ বান্ধি অহা এ এছ – ০১ডি এল ৯৭১৬ নম্বৰৰ স্কুটীত অহা বিষয়া দুগৰাকীক কেকেৰীকুছি চ’কত বাট আগচি ধৰি পিষ্টল দেখুৱাই মৃত্যুৰ ভাবুকি দি টকাৰ বেগটো কাঢ়ি লৈ যায়। আৰু দুধৰ্ষ যুৱক দুজন কেকেৰীকুছি চ’কৰ পৰা অহা বাটেৰেই পলায়ন কৰে ৷ বেংক বিষয়া দুগৰাকীৰ পৰা জানিব পৰা মতে টকাৰ বেগত মাত্ৰ ৮০০০ টকাহে আছিল ৷ বাকী ধন খিনি স্কুটীত লুকুৱাই ৰাখিছিল যদিও দুৰ্বত্তই এই ধন লুট কৰিব নোৱাৰিলে ৷ আনহাতে বেংকৰ ক্ৰেডিট বিষয়া দুগৰাকীয়ে সেই সময়ত ওচৰতে কাম কৰি থকা তিনিজন মানুহৰ লগতে অন্য পথচাৰী ৰাইজৰ সহায় বিচাৰিছিল যদিও কোনো সহাৰি নোপোৱাৰ অভিযোগ কৰিছে। পিছত দৌৰি দৌৰি সোণমনি কলিতা নামৰ মহিলা বেংক ক্ৰেডিট বিষয়া গৰাকীয়ে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয় ৷ আনহাতে ঘটনা ঘটাৰ কিছু সময় পিছতে আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় আৰু দুৰ্বৃত্তক আটক কৰাৰ বাবে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰে ৷ উল্লেখযোগ্য যে ১৯৯৮ চনত উৰুকাৰ নিশা এই কেঁকেৰীকুছিতে দুৰ্বৃত্তই ১৭ গৰাকী লোকক হত্যা কৰিছিল। তেতিয়া ৰাজ্য চৰকাৰে কেঁকেৰীকুছিত এটি আৰক্ষী চকী স্থাপন কৰিছিল ৷ সম্প্ৰতি নিৰাপত্তাহীনতাত ভুগিছে কেঁকেৰীকুছিৰ ৰাইজ ৷ ৰাইজে পুনৰ কেকেৰীকুছিত আৰক্ষী চকীটো স্থাপনৰ দিহা কৰিবলৈ চৰকাৰক দাবী জনাইছে।