তামুলপুৰ, সংবাদ ৩৬৫, ১৫ অক্টোবৰ: বাক্সা জিলা শাখা সাহিত্য সভাৰ অন্তৰ্গত তামুলপুৰ শাখা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় ভৱনৰ সোমবাৰে আধাৰশিলা স্থাপন কৰা হয়। সোমবাৰে পুৱা ১০ বজাত ভূমি পূজনৰে তামুলপুৰ বিধান সভাৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বি টি চি ৰ কাৰ্যবাহী সদস্য দেৱেন বড়োই আধাৰ শিলা স্থাপন কৰে। এই অনুষ্ঠানত বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা, তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি মদন মোহন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল চন্দ্ৰ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক বিশ্বনাথ ভট্টাচাৰ্য, সমাজকৰ্মী হৰেশ্বৰ কলিতা, গয়বাৰী ব্লক বি পি এফৰ সম্পাদক অভিজিৎ দাস দেউৰী, যুৱ বি পি এফৰ সভাপতি ধীৰেন বৈশ্য আদিকে তামুলপুৰ শাখা সাহিত্য সভাৰ সদস্য সকল উপস্থিত থাকে।