জাগীৰোড, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰীঃ তিৱা জনগোষ্ঠীৰ সামাজিক জীৱনৰ বিভিন্ন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা তিৱা কথাছবি ‘প্লাছাৰ’ দৃশ্যগ্ৰহন সম্পন্ন হৈছে। ছবিখনত তিৱা জনগোষ্ঠীৰ সামাজিক জীৱনৰ বিভিন্ন প্ৰতিচ্ছবি দাঙি ধৰাৰ লগতে অন্ধবিশ্বাসক প্ৰাধান্য দিয়া হৈছে। ‘প্লাছাৰ’ শব্দৰ অৰ্থ হৈছে পোহৰ আৰু ছবিখনত সমাজত থকা অন্ধবিশ্বাস কিদৰে আঁতৰাই পোহৰৰ দিশত আগুৱাই যাব পাৰি তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ৰুংচু খুংগুৰি তিৱা ফিল্ম চছাইটিৰ বেনাৰত নিৰ্মান কৰা ছবিখনৰ পৰিচালনা কৰিছে তুলসী মান্তা আৰু নিউটন মাছলাইয়ে। সম্পূৰ্ণ গাঁৱলীয়া আৰু মনোমোহা পাহাৰীয়া পৰিবেশৰ মাজত দৃশ্যগ্ৰহন কৰা ছবিখনত তিৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক প্ৰাধান্য দিয়াৰ লগতে দৰ্শকক আমোদ দিব পৰাকৈ বিভিন্ন ধৰণৰ দৃশ্য সংযোজন কৰা হৈছে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ক্ৰমে চাহিট পুমা, মিনালী পুমা, ফুলচন খলাৰ, ইনুচ খ্যামডিদ, সুৰেন্দ্ৰ মাদাৰ, বাবুল পুমা, টুইল খলাৰ, বিবিচিং মাছলাই আৰু নাৰায়ণ মিতি। ছবিখনত দিলৰাজ ডেকাৰ সঙ্গীতত কণ্ঠদান কৰিছে লিটুচিং মাছলাই আৰু মনালীয়ে। নিউটন মাছলাইৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনত ৰূপসজ্জা আৰু সাজসজ্জা কৰিছে চুমি আৰু লিটুচিং। ছবিখনৰ চিত্ৰগ্ৰহণ, সম্পাদনা আৰু একচন তুলসী মান্তাৰ। সম্পাদন কক্ষত থকা এই তিৱা ভাষাৰ ছবিখনত থাকিব অসমীয়া চাব টাইটেল।