পশ্চিম বংগ, সংবাদ ৩৬৫, ১৪ জুলাইঃ পশ্চিম বংগত পুনপ্ৰথম বাৰৰ বাবে তৃতীয় লিংগৰ ব্যক্তি সকলক মডেল হোৱাৰ সুবিধা প্ৰদান কৰিলে সৌন্দৰ্য প্ৰতিযোগিতা আয়োজক গ্ল্যামনেশন নামৰ এক প্ৰতিষ্ঠানে। গ্ল্যামনেশন অলপতে অনুষ্ঠিত কৰা এক সৌন্দৰ্য প্ৰতিযোগিতাত তৃতীয় লিংগৰ কেইবা গৰাকী ব্যক্তিয়ে ৰেম্পত দাঙি ধৰিলে নিজৰ মডেলিং প্ৰতিভা। সাধাৰণতে তৃতীয় লিংগৰ ব্যক্তি সকল ফেছনকলৈ অধিক উৎসাহী আৰু তেওঁলোকে এই উৎসাহক সঠিকভাৱে ব্যৱহাৰ কৰাৰ লগতে ফেছন জগতখনত ইয়াক দাঙি ধৰাৰ বাবে গ্ল্যামনেশন নামৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিষ্ঠানখনে এই সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰে। পশ্চিম বংগৰ লগতে দেশত ফেছন জগতখনৰ এক উন্নতমানৰ প্লেটফর্ম গঢ়ি তোলাৰ গ্লা’মনেচনৰ মূল লক্ষ্য। তৃতীয় লিংগৰ এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশ অংশগ্ৰহণ কৰা মডেল সকল আছিল ক্ৰমে- প্রলয় দত্ত, মন্টি অধিকাৰী, দেবাশীষ চাহা, শুভজিৎ ঘোষ, বাবান ইসলাম, বিজয় বিশ্বাস। সৌন্দৰ্য প্ৰতিযোগিতাখনত উপস্থিতি থাকি মডেল সকলক উৎসাহিত কৰে সৌন্দৰ্য প্ৰতিযোগিতা আয়োজক প্ৰতিষ্ঠান গ্ল্যামনেশনৰ ৰিমেলী চাহা আৰু সুজয় প্রামানিক। উল্লেখ্য যে পশ্চিম বংগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অসমৰ অন্যতন জনপ্ৰিয় ৱেব মিডিয়া সংবাদ ৩৬৫ আছিল মেডিয়া পাৰ্টনাৰ।