তেজপুৰৰ পৰা অপুৰ্ব বৰা, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ সাংস্কৃতিক নগৰি তেজপুৰত অসমীয়াৰ পৰম্পৰা ৰঙালী বিহুৰ সংস্কৃতি বজায় ৰখাৰ প্ৰয়াসৰে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে মিলনপুৰত ১৯৮৯ চনৰ পৰাই প্ৰতি বছৰে মিলনপুৰত জ্যোতিসংগমে বাপতিসাহোন ৰঙালী বিহুটি গৰু বিহুৰ দিনাৰে পৰা উলহ মালোহেৰে উদযাপন কৰি আহিছে। এইবাৰো তেনে এক প্ৰয়াসৰে মিলনপুৰৰ পদ্মনাথ গোহাই বৰুৱা আৰু ভুপেন হাজৰিকা ৰংগ মঞ্চৰ চৌহদত ধুম ধামেৰে বিহুটি পালন কৰা দেখা যায়। বিভিন্ন দল সংগঠনৰ কুৰিখন পতাকা উত্তোলন কৰি অনুষ্ঠান শুভাৰাম্ভ কৰে শোনিতপুৰ জিলাৰ অতিৰিক্ত উপাযুক্ত কুলেন শমাই। উক্ত অনুষ্ঠানত সাত গৰাকী ব্যক্তিক বিহুৱানৰে সম্বৰ্ধনা জনোৱা হয়। শোনিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক মৃদুল কুমাৰ চহৰীয়া, সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য যাদৱ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় মুকলি বিহু। সংগীত শিল্পী দ্বিপেন বৰা সহ বহুকেইজন শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে।