শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৭ জুলাইঃ শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰৰ তেতেলীগুৰিৰ মুছলিম সমাজৰ পেছ ঈমাম জনক ৰাজহুৱা সম্বৰ্ধনাৰে সোমবাৰে বিদায় দিয়ে শিৱসাগৰৰ ৰাইজে। সুদীৰ্ঘ ৩২ বছৰকাল শিমলুগুৰি তেতেলীগুৰিৰ মছজিদত ঈমামতী কৰা শিলচৰৰ আলহাজ আহমদ আলি দেৱে তেখেতৰ কৰ্মজীৱনৰ কালছোৱাত স্থানীয় জামাতৰ ওপৰিও জিলাখনৰ বহুতৰে আস্থা ভাজন আৰু জনপ্ৰিয় হৈ পৰিছিল । এজন সন্মানীয় ব্যক্তি হিছাপে পৰিচিত ঈমাম জনক মছজিদ পৰিচালনা সমিতিৰ সভাপতি অধিবক্তা ফজল আলি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত জামাতৰ সৰু বৰ সকলোৱে অশ্ৰুসিক্ত বিদায় সম্ভাষণ জনায় । শিক্ষক আনছাৰী,সাংবাদিক চৰিফ আলি,নবুল কোৱৰ,নেকিবুল হক তথা বহু গণ্য মাণ্য ব্যক্তিৰ উপস্থিতিত ঈমাম জনক মানপত্ৰ,গামোচা, চেলেং চাদৰ,সফুৰা ,শৰাই তুপি – তছবিহ আৰু বহু উপহাৰ প্ৰদান কৰা হয় । অনুস্থানত বিদায়ী ঈমামজনৰ লগতে উপস্থিত সকলোৱে আৱেগিক হৈ পৰা দেখিবলৈ পোৱা যায় । জামাতৰ যুৱ সংঘৰ সম্পাদক মুজিবুৰ ৰহমান হাজৰিকাই আত ধৰি বিদায়ী সভাৰ অন্তত সমুহীয়াকৈ শিমলুগুৰিৰ ৰেল ষ্টেচনত ৰেলত তুলি বিদায় দিয়ে ঈমাম আলহাজ আহমেদ আলি দেৱক ।