ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৯ জানুৱাৰী: সদৌ অসম গৌৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অসম গৌৰ্খা সন্মিলন ,অসম নেপালী সাহিত্য পৰিষদ ভাৰতীয় গৌৰ্খা পৰিসংঘ ,উত্তৰ পুৰ্বাঞ্চলৰ সমুহ গৌৰ্খা জনগোষ্ঠীয় সংগঠনৰ সহযোগত তৈল নগৰী ডিগবৈৰ ৩ নং গোলাইৰ নৱজ্যোতি গাঁৱত ৮, ৯, ১০,আৰু ১১ (জানুৱাৰী)লৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহোৎসৱত বুধবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহন কৰে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসঙ্গত গৌৰ্খা সকল অসম তথা অসমীয়াৰ অবিস্বেদ্য অংগ বুলি কয় আৰু লগতে কয় যে গৌৰ্খা সকল অসমত অসমীয়া হিচাবে জাতিটোৰ উন্নয়নৰ কাৰণে অসম চৰকাৰ সম্পুৰ্ণ দায়বদ্ধ থাকিব বুলি উল্লেখ কৰে। চাৰিদিনিয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত বুধবাৰে অসমৰ লগতে দেশৰ বাহিৰৰ পৰাও হাজাৰ হাজাৰ অতিথিৰ সমাগত হোৱা দেখিবলৈ পোৱা যায় । উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী সোনোৱালক স্বতন্ত্ৰতা সেনানী দলবীৰ সিং লোহাৰ স্মৃতি বটা প্ৰদান কৰাৰ লগতে নগদ ৫০ হাজাৰ টকা প্ৰদান কৰা হয়।