দৰং, সংবাদ ৩৬৫, ১০ জুলাইঃ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে এজন কুখ্যাত নাৰী সৰবৰাহকাৰীৰ এজেন্টক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে আটক কৰা ছিদ্দিক আলী নামৰ দুৰ্ধৰ্ষ নাৰী সৰবকাহকাৰী এজেন্ট গৰাকীয়ে সহজ সৰল যুৱতী-কিশোৰীক প্ৰথমে প্রেমৰ জালত পেলাই আৰু পিছত বিয়াৰ প্রলোভনেৰে ফুচুলাই নি বহিঃৰাজ্যত বিক্রী কৰাৰ ঘটনা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, খাৰুপেটীয়া আৰক্ষী থানাৰ শিমুলুবাৰী গাৱঁৰ এগৰাকী ১৮ বছৰীয়া যুৱতী যোৱা জুন মাহত হঠাৎ নিৰুদ্দেশ হোৱাত যুৱতী গৰাকীৰ মাতৃয়ে খাৰুপেটীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এজাহাৰৰ ভিত্তীত ১৯২/১৮ নম্বৰৰ গোচৰ ৰুজু কৰি অনুসন্ধান চলাই থকাৰ সময়তেই যোৱা ১৭ জুনত যুৱতী গৰাকীয়ে মাতৃৰ সৈতে ফোন যোগে যোগাযোগ কৰি ৰাজস্থানত বিক্রী কৰা বুলি অৱগত কৰে। যুৱতী গৰাকী ৰাজস্থানত থকাৰ খবৰ পাই খাৰুপেটীয়াৰ আৰক্ষীয়ে ৰাজস্থানৰ আৰক্ষীৰ সহযোগত নাৰী সৰবৰাহকাৰী কবলৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে। যুৱতী গৰাকীয়ে পিছত আৰক্ষীক ছিদ্দিক আলী নামৰ দুৰ্ধৰ্ষ নাৰী সৰবৰাহকাৰীৰ এজেন্ট গৰাকীয়ে প্রেমৰ ছলনাৰে কিদৰে ৰাজস্থানত বিক্রী কৰিছিল তাৰ বিৱৰনী দাঙি ধৰে। যুৱতী গৰাকীৰ মন্তব্যৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে আৰু ছিদ্দিক আলীয়ে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীভেটি টোপ গাৱঁত এগৰাকী যুৱতীক পুনৰ প্রেমৰ ছলনাৰে বহিঃৰাজ্যলৈ বিক্রী কৰাৰ প্রচেষ্টা চলাই থকাৰ সময়তেই ৰাইজৰ সহযোগত আটক কৰে। উল্লেখ্য যে পূৰ্বেও ছিদ্দিক আলীয়ে দৰং জিলাৰ বিভিন্ন স্থানৰ পৰা তিনি গৰাকীকৈ কিশোৰীক ৰাজস্থানত ত্রিছ হাজাৰ টকাৰ বিনিময়ত বিক্রী কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। বৰ্তমান অধিক তথ্যৰ বাবে এই দুৰ্ধৰ্ষ নাৰী সৰবৰাহকাৰী এজেন্টক গৰাকীক খাৰুপেটীয়া আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।