দক্ষিণগাঁৱৰ পৰা ছৰিফুদ্দিন আহমেদৰ সৈতে জাহিদুল ইছলাম, সংবাদ ৩৬৫, ১৯ মাৰ্চ: মহানগৰীৰ কাহিলিপৰাৰ দক্ষিণগাঁৱত দেওবাৰে নিশা তিনিখনকৈ দোকানত সংঘটিত হয় এক চুৰিকাণ্ড। দক্ষিণগাঁৱৰ কাজী জুৱেলাৰীৰ লগতে দুখনকৈ গেলামৰলৰ দোকানৰ পৰা চোৰে নিশা লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন। নিশা চোৰে কাজী জুয়েৰীৰ নামৰ দোকানখনৰ চিলিং ভাঙি দোকানত সোমাই লুটি নিয়ে মূল্যবান অলংকাৰৰ লগতে কেইবা হাজাৰ নগদ ধন। দক্ষিণগাঁৱৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দক্ষিণগাঁও অঞ্চলত চুৰি ডকাইতিৰ ঘটনা বহু বছৰ ধৰি চলি আছে কিন্তু আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে বিফল হৈছে। ৰাইজে অভিযোগ কৰে যে স্থানীয় ভগদত্তপূৰ আৰক্ষীয়ে নিশাৰ ভাগত অঞ্চলটোৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত অঞ্চলটোত বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ লগতে অসামাজিক কাৰ্য বৃদ্ধি পাবলৈ ধৰিছে।