মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৯ মেঃ কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ উত্তৰ পূৱৰ লগতে  কেইবাখনো ৰাজ্যত ধুমুহা আৰু বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছিল। বৰঝাস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ পূৱত ৪ দিনীয়াকৈ বতাহ বৰষুণে তাণ্ডৱ চলাব বুলিও আগজাননি দিছিল।    যোৱা ২ দিন পূৰ্বে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বতাহে তাণ্ডৱ চলোৱাৰ পিছত বুধবাৰে পুৱা প্ৰায় ৪ বজাত প্ৰচণ্ড শিলাবৃষ্টি আৰু ঘুৰ্ণীবতাহে আজাৰা, বঙৰা, ৰাইবড়ী, বৰকুছি, মিৰ্জাৰ লগতে সমগ্ৰ দক্ষিণ কামৰূপ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰে। পুৱাৰ ভাগত অতি দ্ৰুতবেগত অহা এই ঘুৰ্ণীবতাহে  বৰঝাৰৰ সমীপৰ বঙৰা, ৰাইবড়ী, বৰকুছি আৰু আগছিয়া অঞ্চলত বিস্তৰ ক্ষতি কৰে। বঙৰাৰ আমৰতলত বতাহত প্ৰকাণ্ড আহতগছ বাগৰি পৰাত জিৰণীঘৰৰ লগতে এখন দোকানৰ ক্ষতিসাধন হোৱাৰ লগতে বিভিন্ন ঠাইত ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত গছ বাগৰি পৰাৰ ফলত যান বাহনৰ চলাচল ব্যাহত হৈ আছে। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বিয়াৰ ৰভাৰ লগতে বৰকুছি, ৰাইবড়ী অঞ্চলত বিহুৰ পেণ্ডেল বতাহে ভাঙি পেলাই। বঙৰাস্থিত ‘শ্ৰী ৰামচন্দ্ৰ মিছন’ নামৰ আশ্ৰমখনৰ বহুকেইটা ‘চো’লাৰ লাইট’ বতাহে ভাঙি পেলোৱাৰ লগতে আশ্ৰমৰ সকলো টিনপাত উৰুৱাই নিয়ে।  আনহাতে বতাহত বিদ্যুৎৰ খুটা ভাঙি পৰাত সমগ্ৰ দক্ষিণ কামৰূপত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে।