দক্ষিণ কামৰূপ ,সংবাদ ৩৬৫, ২৩ এপ্ৰিল : কামৰূপ গ্রাম্যৰ পলাশবাৰী সমষ্টিৰ এটি আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ । পলাশবাৰীৰ মিৰ্জা ছোৱালী হাইস্কুলত এইবাৰ পোন প্ৰথম বাৰৰ বাবে চাৰিটা শাখা পৰিচালনা কৰিছে মহিলাই ।

পিজিডিং,পুলিং অফিচাৰৰ পৰা আৰক্ষীলৈ আটাইবোৰ মহিলা হোৱা বাবে মিৰ্জা ছোৱালী হাইস্কুলৰ এই কেন্দ্ৰটো আদৰ্শ ভোট কেন্দ্ৰ হিচাপে ঘোষণা হৈছে । ধুনীয়াকৈ সজাই পৰাই তোলা এই ভোটকেন্দ্ৰত কৰ্তব্যৰত মহিলাই এই কেন্দ্ৰ পৰিচালনা কৰি মহিলা বিষয়াই নিজকে গৌৰৱ অনুভৱ কৰিছে।

মিৰ্জা ছোৱালী হাইস্কুলৰ এই আদৰ্শ ভোটকেন্দ্ৰ হিচাপে মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰত ভোটদান কৰি উৎফুল্লিত স্থানীয় লোক । আজিৰ দিনত মহিলা সকলে যে পুৰুষতকৈ কোনো গুণে কম নহয় ই এক নিদৰ্শন বুলি অভিহিত কৰে স্থানীয় লোক সকলে ।

আনহাতে মিৰ্জাৰ এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটোত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল শাৰীৰিক ভাৱে সক্ষম লোকো । মুঠৰ ওপৰত এই কেন্দ্ৰটোৱে মুহিত কৰিলে সকলোকে । এই কেন্দ্ৰটোত ৰাইজৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।