ছয়গাঁও, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাঁৱত বুধবাৰে দিন দুপৰতেই সংঘটিত হ’ল এক অপহৰণকাণ্ড । স্থানীয় দলৈপাৰা গাঁৱৰ যুৱতী এগৰাকীক ঘৰৰ পৰাই অপহৰৰণ কৰি নিয়াৰ চেষ্টা কৰিছিল এটা দুৰ্বৃত্তৰ দলে । ৰোহিত বসুমতাৰী নামৰ যুৱকজনৰ নেতৃত্বত চাৰিখন বাহনত আহিছিল দুৰ্বৃত্তকেইটা। ঘৰৰ পৰাই অপহৰণ কৰি নিয়াৰ পিছত উকিয়াম পথত ৰাইজে আগচি ধৰি বাহন চাৰিখন লণ্ডভণ্ড কৰি বৰমাৰ প্ৰদীপ চৌধুৰী আৰু ধুবুৰীৰ কৰণ মণ্ডল নামৰ দুজনক ধৰি লপাথপা দি গতাই দিয়ে আৰক্ষীক। আনহাতে যুৱতীৰ পিতৃ মাতৃয়ে জানিবলৈ দিয়া মতে, প্ৰেমৰ অভিনয়েৰে পৰিয়াল তথা যুৱতীক পৰবৰ্তী সময়ত হাৰাশাস্তি কৰা ৰোহিত বসুমতাৰীয়ে দিৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল । বুধবাৰেও ঘটনা সংঘটিত কৰি পলাই যায় । এই ঘটনাই সমগ্ৰ ছয়গাৱতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।