মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৬ মেঃ ৰাজস্থান আৰু উত্তৰ প্ৰদেশত ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে শতাধিক লোকৰ প্ৰাণ কাঢ়ি লৈ যোৱাৰ পিছত অসমৰ লগতে উত্তৰ পূৱত ধুমুহ বৰষুণে তাণ্ডৱ চলাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি কৰাৰ পিছতে দেওবাৰে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ঘুৰ্ণীবতাহে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে। দক্ষিণ কামৰূপৰ গোসাইহাট, ৰাণী মেকুৰীকুছি, তিনিআলি, সাতপখলি, বৰিহাট, তাৰাবতি, লচনাকে ধৰি বিভিন্ন ঠাইত ঘুৰ্ণীবতাহ স্বৰূপ ধুমুহাই তাণ্ডৱ চলাই বহু গছ গছনি ভাঙি পেলোৱাৰ লগতে ঘৰ দুৱাৰৰ চাল উৰুৱাই নিয়ে। ধুমুহাৰ ফলত বিভিন্ন অঞ্চলত বহু ব্যৱসায়ীক প্ৰতিস্থানৰো বিস্তৰ ক্ষতিসাধন কৰে। ঘুৰ্ণীবতাহে মিৰ্জাৰ গোসাইহাটস্থিত এখন ব্যক্তিগত ব্ৰইলাৰ মুৰ্গী ফাৰ্মৰ টিনপাত উৰুৱাই নিয়াৰ ফলত ব্ৰইলাৰ মুৰ্গী ফাৰ্মখনৰ প্ৰায় অৰ্ধশতাধিক ব্ৰইলাৰ মুৰ্গীৰ মৃত্যু হয়। ঘুৰ্ণীবতাহৰ ফলত বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ ঘৰৰ ওপৰত বাগৰি পৰাৰ লগতে এখন চলন্ত গাড়ীৰ ওপৰতো এডাল গছ বাগৰি পৰাত গাড়ীখনৰ চালকসহ যাত্ৰীসকল আঘাটপ্ৰাপ্ত হয়। ঘুৰ্ণীবতাহৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত গছ বাগৰি পৰাত বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে। আনহাতে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বৰভিঠাত বজ্ৰপাত পৰি এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰিত্বৰভাবে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।