দক্ষিণ কামৰূপ , সংবাদ ৩৬৫, ১৬ এপ্ৰিল : দক্ষিণ কামৰূপৰ মিৰ্জাৰ তেল ডিপোত ঘটিল নজিৰবিহীন ঘটনা । মিৰ্জাৰ সোনতলাস্থিত তেল ডিপুত তেলৰ বিপৰীতে ওলাল পানী । কামাখ্যা চাৰ্ভিচ চেণ্টাৰ নামৰ তেলডিপুত পেট্ৰলৰ বিপৰীতে গ্ৰাহকে পালে পানী । এই অভিযোগ স্বয়ং তেল ভৰাবলৈ অহা গ্ৰাহকৰ ।
যোৱাকালি কাজল তালুকদাৰ নামৰ এজন গ্ৰাহকে নিজৰ এ এছ-২৫-ই-৪৮৫২ নম্বৰৰ স্কুটি গাড়ী খনত তেল ভৰাই যায় যদিও নিশাৰ ভাগত হঠাৎ গাড়ীখনৰ ইঞ্জিন বন্ধ হৈ যায় আৰু আজি পুৱাৰ ভাগত মেকানিকৰ ওচৰত লৈ আহোতে গাড়ীখনত তেলৰ বিপৰীতে পানী ওলাই যাৰ ফলত তেলৰ নামত পানী দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
এই ঘটনাই তেলডিপুত তীব্ৰ উত্তেজনাই বিৰাজ কৰাত ঘটনাস্থলীত পলাশবাৰী আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ডিপোটোৰ দুজন কৰ্মচাৰীক সোধা পোছাৰ বাবে আৰক্ষী থানালৈ লৈ যায় ।
উল্লেখ্য যে বিগত সময়ছোৱাত দক্ষিণ কামৰূপ এই অঞ্চলত এনেধৰণৰ ঘটনা ঘটি আহিছে । ভুক্তভোগী গ্ৰাহকে তেল ডিপুৰ বহু অভিযোগ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি আহিছিল যদিও কৰ্তৃপক্ষই এনেধৰনৰ তেল ডিপুৰ বিৰুদ্ধে আজিলৈ একো এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই ।