সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ২৮ জুন : ৰাজ্যত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ উফন্দী উঠাত নৈ পৰীয়া অঞ্চলসমুহৰ খেতি পথাৰ পানীৰে উপচি পৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বানপানীয়ে কালৰূপ ধাৰণ কৰাত হাহাকাৰৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত৷
দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত বানপানীয়ে ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ অহাত ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলীৰ প্ৰায় ত্ৰিশখনতকৈও অধিক গাঁও বানপানীৰ কবলত পৰিছে৷ সোণতলীকে ধৰি সেলেসুতি, ছমৰীয়া পাম জওঁকাটা দিয়া, মালিবাৰী, ডেকাচাং, টাঙনমাৰী, পাথালি পৰা, পানীখাতী, গৰৈমাৰী বিলৰজান, বৰদিয়া নয়াপাৰা, লটুৰা দিয়া, আৰিকাটি, কাছাৰিপাম, পল্লিমংগল, চতুৰাপাৰা, মন্দিৰা, নতুন কাঠমী, নিজ কাঠমী, কিচমত কাঠমী, বটিয়ামাৰী, দুৰামাৰী আদিকে ধৰি ত্ৰিশখনতকৈও অধিক গাঁও বানপানীৰ কৱলত পৰাত কৃষিভুমি আৰু মৎস পালক সকলৰ যথেষ্ট ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, নেৰানেপেৰা বৰষুণত কৃষকৰ পকা ধান কাটিব নোৱাৰাত বাঢ়নী পানীৰ তলতে পচিব ধৰিছে ধান৷ কিছু সংখ্যক কৃষকে পথাৰৰ পৰা ধান কাটি আনিবলৈ সক্ষম হৈছে যদিও বৰষুণৰ বাবে ধান শুকাব নোৱাৰাত ঘৰৰ ভিতৰতে পচিব ধৰিছে ধান৷ ইফালে পুখুৰী সমূহ বাঢ়নী পানীত ডুব যোৱাত লাখ লাখ টকাৰ মাছ পুখুৰী সমূহৰ পৰা ওলাই যোৱাত মৎস পালক সকলৰ অৱস্থা পানীত হাহঁ নচৰা হৈছে।
আনহাতে বান প্ৰভাৱিত অঞ্চল সমূহৰ বানাক্ৰান্ত ৰাইজৰ লগতে পোহনীয়া জীৱজন্তু সমূহ খাদ্য সংকটত ভুগিব লগা হোৱা বুলিও জানিব পৰা গৈছে। বানৰ পানীত ঘৰ ডুব যোৱাত বহু লোকে ওখ ঠাইত আশ্ৰয় লোৱাৰ বিপৰীতে কিছুমানে মথাউৰিত আশ্ৰয় লব’লৈ বাধ্য হৈছে৷ বানপানীৰ ফলত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে যদিও বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ সময় নাই কোনো জনপ্ৰতিনিধি তথা প্ৰশাসনৰ৷ অচিৰেই বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে ৰাইজে৷