অনলাইন ডেস্ক, সংবাদ ৩৬৫, ২২ মেঃ দক্ষিণ ভাৰতত নিপাহ নামৰ এবিধ ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। বৰ্তমানলৈকে এই ভাইৰাছৰ সংক্রমণত কেইবাগৰাকী লোক আক্ৰান্ত হােৱা লগতে দুসপ্তাহৰ ভিতৰত কেৰেলাত প্ৰায় ১১জন লোকৰ মৃত্যু হৈছে। সমগ্র দক্ষিণ ভাৰতত আতংকৰ সৃষ্টি কৰা এই ভাইৰাছৰ সংক্ৰমণত এইপর্যন্ত সর্বাধিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে কেৰালাত। নিপাহ ভাইৰাছে দক্ষিণ ভাৰতত ক্ৰমাৎ মহামাৰীৰ ৰূপ লােৱাৰ আশংকাই সৃষ্টি হোৱাত কেন্দ্ৰ চৰকাৰে কেৰালালৈ এটা বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিছে। কেৰালত এই ভাইৰাছৰ ধৰা পৰা মাত্ৰ দুসপ্তাহ হৈছে আৰু দুসপ্তাহৰ ভিতৰতে এই ভাইৰাছৰ সংক্ৰমণত ১১জনকৈ লোকৰ মৃত্যু হোৱাত স্বাস্থ্য বিভাগক চিন্তিত হৈ পৰিছে। উল্লেখ্য যে ইয়াৰ পূর্বে ২০০১ চনত আৰু ২০০৭ চনত পশ্চিম বংগৰ শিলিগুড়িত নিপাহ ভাইৰাছৰ সংক্ৰমণত কেইবাজনো লোকৰ মৃত্যু হৈছিল। নিপাহ ভাইৰাছ পোন প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত মালয়েছিয়াত ধৰা পৰিছিল। নিপাহ ভাইৰাছ বাদুলীৰ পৰা সংক্ৰমণ হয় বুলি জানিব পৰা গৈছে। নিপাহ ভাইৰাছৰ দ্বাৰা আক্রান্ত বাদুলীয়ে খোৱা ফল তথা ফলৰ গুটি খালে মানুহৰ লগতে পশুৰ শৰীৰলৈও এই ভাইৰাছ সংক্ৰমণ হ’ব পাৰে। বিশেষকৈ এই ভাইৰাছ গাহৰিৰ শৰীৰলৈ সহজে সংক্রমিত হয়। নিপাহ ভাইৰাছৰ দ্বাৰা সংক্রমিত পশুৰ সংস্পৰ্শলৈ আহিলেও এই ভাইৰাছৰ দ্বাৰা মানুহ সংক্ৰমিত হ’ব পাৰে। নিপাহ ভাইৰাছৰ দ্বাৰা আক্রান্ত হােৱা ৰােগীৰ জ্বৰ, মূৰৰ বিষ, অস্থিৰতা, মানসিক বিভ্রান্তি হোৱাৰ লগতে ৰোগীজন কমালৈও যাব পাৰে তথা মৃত্যুও হ’ব পাৰে। বৰ্তমানলৈকে এই ভাইৰাছৰ প্রতিষেধক ভাৰতত আৱিষ্কাৰ নোহোৱাত ইয়াকলৈ দেশৰ স্বাস্থ্য বিভাগ চিন্তিত হৈ পৰিছে।