আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী 

৪ অক্টোবৰ

দক্ষিণ শালমাৰাত পুনৰ নাওঁসহ বৃহৎ সংখ্যক পশুধন জব্দ। দক্ষিণ শালমাৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশলৈ নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰিলে গৰু। কিছুদিন পূৰ্বেও আৰক্ষীয়ে চোৰাং গৰুসহ এজন সৰবৰাহকাৰীক আটক কৰিছিল।

সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ চকুত ধূলি দি দক্ষিণ শালমাৰাৰ একাংশ পশুধন সৰবৰাহকাৰী বাংলাদেশলৈ চোৰাংভাৱে পশুধনৰ সৰবৰাহ আব্যাহত ৰাখিছে। দেওবাৰে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ এটা সঁজাতি দলে অভিযান চলাই দক্ষিণ শালমাৰা ভাৰত-বাংলা সমীপৰ শুতলামাৰা মোটাখোৱাত ব্ৰহ্মপুত্ৰৰ পৰা এখন যন্ত্ৰচালিত নাওঁসহ ৩৮ টা গৰু জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে কোনো সৰবৰাহকাৰীক আটক কৰিব পৰা নাই যদিও কেবাজনো চোৰাং পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। কিছুদিন পূৰ্বেও নিশাৰ ভাগত অভিযান চলাই দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰৰ নদীৰ পৰা ৬টা গৰু জব্দ কৰাৰ লগতে এজন পশুধন সৰবৰাহকাৰীক আটক কৰিছিল। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বাংলাদেশ লৈ চোৰাং ভাৱে পশুধন চালান দিয়াৰ চেষ্টা চলাওতে আৰক্ষীয়ে আটক কৰা পশুধন সৰবৰাহকাৰী জনক।

দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে বিগত কিছুদিন ধৰি পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি দক্ষিণ শালমাৰা আৰু ধুুুবুৰীত ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীত বৃহৎ সংখ্যক পশুধন জব্দ কৰাৰ লগতে কেইবাজনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।