দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১১ জানুৱাৰী : সমগ্ৰ ৰাজ্যত অব্যাহত আছে “কা”বিৰোধী প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমন্বয় সংগ্ৰাম সমিতিয়েও ২৯ ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে “কা”বিৰোধী আন্দোলনৰ কাৰ্যসূচী।

প্ৰত্যেক দিনাই “কা”ৰ বিৰুদ্ধে দুঘন্টীয়াকৈ গাঁওসমূহত জিলা সমন্বয় সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আইনখন বাতিলৰ দাবীৰে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি চৰকাৰক সমালোচনা কৰে জিলা সমন্বয় সংগ্ৰাম সমিতিয়ে।

২৯ডিচেম্বৰৰ পৰা লোৱা এই কাৰ্যসূচীৰ শনিবাৰে সমাপ্ত হয়। ইয়াৰ পিছতে ১৩ জানুৱাৰীৰ পুৱা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত বিশাল গন সমাবেশৰ কাৰ্যসূচী হাতত লৈছে জিলা সমন্বয় সংগ্ৰাম সমিতিয়ে।

উক্ত এই আন্দোলনত সমিতিৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে জিলাখনৰ সকলো ৰাইজকে উপস্থিত থাকিবলৈ আহ্বান জনায়।