দক্ষিণ শালমাৰা

১৩ ফেব্ৰুৱাৰী

দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ দক্ষিণ শালামৰা থানাৰ অন্তৰ্গত মন্ত্ৰীচৰ গাঁৱত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা। ব্ৰহ্মপুত্ৰ নদীত যন্ত্ৰ চালিত নাও এখনৰ পৰা স্থানীয় গাঁও ৰক্ষি বাহিনীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য যে শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী মন্ত্ৰীচৰ গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত চলাচল কৰা যাত্ৰীবাহী নাও এখনত এটা ৰহস্যজনক পেকেট স্থানীয় গাঁওৰক্ষী বাহিনীয়ে দেখা পায়। গাঁওৰক্ষী বাহিনীয়ে তালাচি চলোৱাত পেকেটৰ পৰা মুঠ ৬৮ বটল বিলাতী সুৰা উদ্ধাৰ কৰে। ঘটনাক লৈ গাঁৱৰক্ষী বাহিনীয়ে দক্ষিণ শালমাৰা থানাত খবৰ দিয়াত ঘটনাস্থলী আৰক্ষীৰ লোক উপস্থিত হৈ সুৰাৰ বটলখিনি জব্দ কৰে। মন কৰিবলগীয়া বিষয় যে মদৰ বটলখিনি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী এলেকাৰ পৰা নদী পথেৰে অনা হৈছিল।

জানিব পৰা মতে সুৰাৰ বটলখিনি বাংলাদেশত সৰবৰাহ কৰিবলৈ দুষ্ট চক্ৰই যোযা চলাইছিল। গাঁৱৰক্ষী বাহিনীৰ চকু পৰাত সুৰাৰ বটলখিনি উদ্ধাৰ হয়। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।