গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মাৰ্চ : দর্শকবিহীন ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই খেলিব এদিনীয় ক্ৰিকেট মেচ। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ আৰু পশ্চিম বংগৰ কলকাতাত দর্শকবিহীন ষ্টেডিয়ামত দুখনকৈ এদিনীয়া ক্ৰিকেট মেচত অৱতীৰ্ণ হ’ব দল দুটা।

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ কবলৰ পৰা সাৰি নগ’ল ক্ৰীড়া ক্ষেত্ৰও। কৰ’ণা ভাইৰাছৰ প্ৰভাৱ ক্ৰীড়া ক্ষেত্ৰতো পৰিলক্ষিত হৈছে যদিও ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে আছে এক সু-খবৰ। অহা ১৫ আৰু ১৮ মাৰ্চত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন মেচ। দক্ষিণ আফ্ৰিকা আৰু ভাৰতীয় দলৰ মাজত হ’বলগীয়া শৃংখলাৰ দ্বিতীয়খন মেচ লক্ষ্ণৌত আৰু তৃতীয়খন মেচ অনুষ্ঠিত হ’ব কলকাতাত। ইয়াৰ মাজতে কৰ’ণা ভাইৰাছৰ প্ৰভাৱে পুনৰ দুখৰ বতৰা কঢ়িয়াই আনিছে দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ। ক্ৰিকেট সন্থাৰ মূল বিচিচিআইয়ে জনোৱা তথ্য অনুসৰি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুঠ তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাকী থকা দুখন মেচ অনুষ্ঠিত হ’ব দৰ্শকবিহীন ষ্টেডিয়ামত।

ইতিমধ্যে মেচ দুখন উপভোগ কৰিবলৈ দৰ্শকে ক্ৰয় কৰা টিকেটৰ মূল্য দৰ্শকক উভতাই দিয়াৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে। সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহ ৰূপ দেখি ইয়াৰ পৰা ৰক্ষা পাবলৈ সকলোৰে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ ক্ৰীড়া আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে।