হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: ভোগালীৰ আনন্দ উছাহত মতলীয়া ৰাজ্যবাসী। ডেকা-বুঢ়া আদি কৰি সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে ভোগালী বিহুক লৈ। ঠায়ে ঠায়ে ভোগালীৰ মেলাৰ অনুষ্ঠান আয়োজনো হৈছে। কিন্তু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভিন্ন প্ৰান্তত বিহু মেলাৰ নামত চলা ৰমৰমীয়া জুৱা, অৰ্ধ উলংগ নৃত্য ধামাকাক লৈ জাংগুৰ খাই উঠিছে সচেতন মহলৰ লগতে আমছুৱে। সমাগত ছাত্ৰ-ছাত্ৰীৰ চুড়ান্ত পৰীক্ষা আৰু এই মূহুৰ্তত জিলা খনৰ বিভিন্ন প্ৰান্তত গোটেই নিশা উচ্চ স্তৰে মাইক বজাই অসমৰ জাতীয় উৎসৱ বিহুৰ বিকৃত ৰূপ জুৱা, অৰ্ধ উলংগ নৃত্য ধামাকাই নৱ প্ৰজন্মৰ লগতে সমাজক বেয়া দিশে গতি কৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনক অতি সোনকালে এইবিলাক বন্ধ কৰিবলৈ দাবী জনায় সচেতন মহলৰ লগতে দ:শালমাৰা মানকাচৰ জিলাৰ আমছু তথা কালাপানী আঞ্চলিক আমছুৰ সভাপতি জামাল হুছেইনে। ইফালে কালাপানী সমবায় সমিতিৰ চেয়াৰমেন লুৎফৰ ৰহমানে অশ্লীশ নৃত্য ধামাকা উপভোগ কৰিবলৈ গৈ ষ্টেজত নৃত্য পৰিদৰ্শন কৰা ঘটনাক লৈ ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ। এই সন্দৰ্ভত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ’ব।