পাঞ্জাৱ, সংবাদ ৩৬৫, ১৯ অক্টোবৰ: দশেৰাৰ দিনাই পাঞ্জাৱৰ অমৃতসৰৰ চৌৰা বজাৰত এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। সন্ধিয়া ৭.৩০ বজাত সংঘটিত হোৱা এই ৰে’ল দুৰ্ঘটনাত ৫০ৰো অধিক লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। পাঞ্জাৱৰ অমৃতসৰৰ চৌৰা বজাৰত আজি দশেৰা উপলক্ষে ৰাৱণ দহনৰ কাৰ্যসূচী উপভোগ কৰি থাকোতে ৰে’লপথত থকা লোকক এখন দ্ৰুতবেগী ৰে’লে মহতিয়াই নিয়ে। দশেৰা উপলক্ষে ৰাৱণৰ প্ৰতিমূৰ্তিত অগ্নিসংযোগ কৰাৰ সময়তে এই দুর্ঘটনা সংঘটিত হয়। ৰাৱণৰ প্ৰতিমূৰ্তিত অগ্নিসংযোগ কৰাৰ সময়ত ৰেল পথৰ ওপৰত ৰৈ থকা লোকে আতচবাজীৰ শব্দৰ বাবে ৰে’ল অহাৰ উমান পোৱা নাছিল যাৰ বাবে ৰে’লখনে মহতিয়াই নিয়ে লোকসকলক। দুর্ঘটনাৰ সময়ত প্ৰাণৰক্ষৰ বাবে ৰে’লপথেৰে পলোৱা চেষ্টা কৰিছিল সমবেত লোকসকলে।