গুৱাহাটী, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ৰাজপথত সোমবাৰৰ পৰা দহ গৰাকীকৈ সুন্দৰী দুচকীয়া বাহন লৈ ৰৈ থাকিব আপোনাৰ বাবে। আপোনাক আপোনাৰ গন্তব্য স্থানলৈ বিনামূলীয়াকৈ লৈ যাব এই দহ গৰাকী সুন্দৰী যুৱতী। অৱশ্যে এই সুবিধা লাভ কৰিব অকল মহানগৰীৰ মহিলাসকলে। ডিজিটেল সংবাদ গোষ্ঠী টাইম ৮ মহানগৰীৰ মহিলাসকলৰ বাবে গ্ৰহণ কৰিছে এক ঐতিহাসিক পদক্ষেপ। গুৱাহাটীৰ মহিলাসকলৰ বাবে আৰম্ভ কৰা অ’মেন ফৰ অ’মেন শীৰ্ষক এই বিনামূলীয়া যাতায়ত সেৱাৰ সোমবাৰে শুভাৰম্ভ কৰে মহানগৰ যান বাহন আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত অমনজিৎ কৌৰে। টিভিএছ মটৰৰ সহযোগিতাত আৰম্ভ হোৱা এই সেৱাই মহানগৰৰ মহিলাসকল যাতায়তৰ ক্ষেত্ৰ সুবিধা প্ৰদান কৰাৰ লগতে মহানগৰীৰ যান জঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো অৰিহণা যোগাব। সাতদিন ধৰি চলিব লগা এই সেৱাত দহ গৰাকী যুৱতী জড়িত কৰা হৈছে যিয়ে সমগ্ৰ মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া বাহন লৈ উপস্থিত থাকি মহিলাসকলক বিনামূলীয়াকৈ তেওঁলোকৰ গন্তব্য স্থানলৈ লৈ যাব।