গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুলাইঃ শুক্ৰবাৰে ৰাজধানী দিছপুৰ কঁপাই তোলে শতাধিক প্ৰতিবন্ধী লোকে। বিজেপি চৰকাৰ মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, আমাৰ দাবী মানিব লাগিব আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবন্ধী প্ৰতিবাদীসকলে। ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলে তেওঁলোকৰ বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক দাবী পূৰণৰ বাবে দীৰ্ঘদিন ধৰি আন্দোল কৰি আহিছে যদিও পূৰ্ব কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে প্ৰতিবন্ধী লোক সকলৰ দাবী পূৰণ কৰাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবন্ধী লোকসকল ক্ষোভিত হৈ পুনৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰি সমালোচনা কৰে। প্ৰতিবাদী সকলে কয় যে পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰখনে তেওঁলোকৰ জীৱনলৈ কোনো পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা নাই। এই চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে হাজাৰটা প্ৰতিশ্ৰুতি দিছিল যদিও সকলোবোৰ প্ৰতিশ্ৰুতি বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। দিছপুৰৰ লাষ্ট গে’টৰ পৰা প্ৰতিবাদী সমদল উলিয়াই সচিবালায় পোৱাৰ পূৰ্বে আৰক্ষীয়ে প্ৰতিবাদী সকলক বাধা প্ৰদান কৰে। আৰক্ষীৰ বাধাত প্ৰতিবন্ধী প্ৰতিবাদী সকল পথৰ ওপৰতে বহি প্ৰতিবাদ সাব্যস্ত কৰে। পথৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰাত দিছপুৰৰ ৰাজপথৰ দুয়ো কাষে তীব্ৰ যান যতৰ সৃষ্টি হয়। প্ৰতিবন্ধী সকলৰ প্ৰতিবাদত দিছপুৰৰ ৰাজপথত কেইবা ঘণ্টা ধৰি ৰাইজ আবদ্ধ হৈ পৰে। প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ উদ্যোগত সাব্যস্ত কৰা এই প্ৰতিবাদ কেইবাঘণ্টা ধৰি চলাৰ অন্তত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়।