গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ:  জন লোকপাল বিল আৰু কৃষকসকলৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধানকে ধৰি কেইবাটাও দাবীত অহা ২৩ মাৰ্চৰ পৰা দিল্লীৰ ৰামলীলা ময়দানত বিশিষ্ট সমাজসেৱী আন্না হাজাৰেৰ নেতৃত্বত টীম আন্নাৰ দ্বাৰা আৰম্ভ হব লগীয়া সত্যাগ্ৰহ আন্দোলনৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা টীম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য তথা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত শতাধিক লোক গুৱাহাটীৰ পৰা গৈ শুক্ৰবাৰে দিল্লীত উপস্থিত হব। বৃহস্পতিবাৰে এলাহাবাদত উপস্থিত হৈ টীম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য, মানব অধিকাৰ তথা সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়াই কয় যে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে জন লোকপাল বিল শুদ্ধ ৰূপত বলবত কৰাৰ ব্যৱস্থা গ্ৰহন নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন শান্তিপূৰ্ণ ভাৱে চলি থাকিব। তেওঁ লগতে কয় যে ২০১৪ চনৰ ১ জানুৱাৰীত গৃহীত হোৱা জন লোকপাল বিলখনৰ ধাৰা ৬৬ আৰু ধাৰা ৪৪ সংশোধন কৰি জন লোকপাল বিল বলবত কৰিব লাগে। শইকীয়াই লগতে কয় যে দেশৰ ৬৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে কৃষক সকলৰ ঋণ আৰু বিদ্যুতৰ বিল ৰেহাই দিব লাগে লগতে কৃষক সকল উৎপাদিত সামগ্ৰীৰ বিনিময়ত সঠিক মূল্য লাভ কৰিব পাৰে ইয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দেশৰ ৬০ বছৰ বয়সৰ ওপৰৰ কৃষক সকলক চৰকাৰে অতি কমেও পাঁচ হাজাৰ টকা পেঞ্চন দিয়াৰো ব্যৱস্থা চৰকাৰে কৰিব লাগে। আনহাতে সকলো ধৰণৰ নিৰ্বাচনত ৰাজনৈতিক দল সমুহৰ চিহ্নৰ ঠাইত বেলট পেপাৰত প্ৰাৰ্থী সকলৰ ৰঙীন ফটো লগোৱাৰ ব্যৱস্থা কৰিব লাগে। ২৩ তাৰিখৰ পৰা দিল্লীত আৰম্ভ হব লগা এই আন্দোলনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ব্যক্তিকে অংশগ্ৰহণ কৰিবলৈ টীম আন্নাৰ ৰাষ্টীয় সদস্য, মানৱ অধিকাৰ তথা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই আহ্বান জনাইছে।