দিল্লী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী : দেশৰ ৰাজধানী দিল্লী পুনৰ দখল কৰিলে আম আদমী পাৰ্টিয়ে। অৰবিন্দ কেজৰিৱাল তৃতীয়বাৰলৈ অধিষ্ঠিত হ’ব দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত। দিল্লীবাসীয়ে উন্নয়ৰ ৰিপৰ্ট কাৰ্ড চাই ভোটদান কৰিলে আম আদমী পাৰ্টিক। কংগ্ৰেছ দ্বিতীয়বাৰৰ বাবে দিল্লীত শূণ্যৰ ঘৰত থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহেও নোৱাৰিলে বিজেপিক দিল্লী জয় কৰাবলৈ।

দিল্লী বিধাসভাৰ ৭০খন আসনৰ ৬৩খনত অগ্ৰগতি লাভ কৰি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে। আম আদমী পাৰ্টিৰ এই বৃহৎ জয়ৰ আঁৰত আছিল যোৱা পাঁচটা বছৰে দিল্লীত চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালে প্রদর্শন কৰা দক্ষতা। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দক্ষতাৰ আগত বিজেপিৰ সৰ্বশক্তিও কাম নকৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথীয়ে দিল্লী দখলৰ বাবে প্ৰচাৰ চলাইও কেজৰিৱালক পৰাজিত কৰিবলৈ সক্ষম নহ’ল। আম আদমী পাৰ্টিৰ একক সংখ্যাগৰিষ্ঠতাই প্ৰমাণ কৰিলে যে দিল্লীবাসীয়ে আম আদমী পাৰ্টিৰ উন্নয়নৰ ৰিপৰ্ট কাৰ্ড চাই ভোটদান কৰিছিল, বিজয়ৰ পিছত এই মন্তব্য কৰে আম আদমী প্ৰাৰ্থীৰ সমৰ্থক সকলে।

তৃতীয়বাৰৰ বাবে দিল্লীত চৰকাৰ গঠন কৰিবলৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰি দিল্লীবাসীক “আই লাভ ইউ দিল্লীৱালৌ” বুলি সম্বোধন কৰে।