চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোহাঁই, সংবাদ ৩৬৫, ২০ মে’ : দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বিস্তৃতি আৰু ঘন বনাঞ্চলৰ বাবে সমগ্ৰহ বিশ্বতে এই বন্যপ্ৰাণী অভয়াৰণ্যখন বিখ্যাত ‘আমাজন অফ ইষ্ট’ নামেৰে। অভয়াৰণ্যখন ইয়াৰ চহকী জৈৱবৈচিত্ৰ্যৰ বাবে যিদৰে বিখ্যাত সেইদৰে এই অভয়াৰণ্যখনৰ ভূগৰ্ভত থকা কয়লা বাবে অভয়াৰণ্যখনৰ ওপৰত শেনচকু কয়লা মাফিয়াৰ। বিভিন্ন সময়ত অভয়াৰণ্যখনত অবৈধ কয়লা খননৰ বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ মাজতে এইবাৰ কয়লা খননৰ বাবে চৰকাৰী অনুমতি প্ৰদানৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসমৰ তিনিখন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰৰ লগতে অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলালৈ বিস্তৃত দিহিং পাটকাই বৰ্ষাৰণ্যৰ চেলেকি হস্তী প্ৰকল্পৰ ৯৮.৫৯ হেক্টৰ ভূমিত কয়লা খননৰ বাবে ‘নেচনেল বৰ্ড অফ ৱাইল্ডলাইফে’ অনুমতি প্ৰদান কৰাৰ খবৰে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সকলৰ লগতে বিভিন্ন দল সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰাজীৱ ফুকনে দিহিং-পাটকাই বৰ্ষাৰণ্য কয়লা খননৰ অনুমতি প্ৰদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “যি সময়ত সমগ্ৰহ বিশ্বই প্ৰকৃতি সুৰক্ষিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়ত কেৱল পুঁজিপতিৰ স্বাৰ্থত কেন্দ্ৰৰ বিজেপি চৰকাৰে দিহিং-পাটকাইত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছো। কেন্দ্ৰ চৰকাৰে দিহিং-পাটকাইত কয়লা খননৰ বাবে যি অনুমতি প্ৰদান কৰিছে সেই সম্পৰ্কে চৰকাৰে পুনৰ বিবেচনা কৰক, আমি অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আহ্বান জনাইছো কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰক। কেন্দ্ৰ চৰকাৰে অসমৰ সমস্যা সমূহৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি কেৱল মাত্ৰ অসমৰ সম্পদ সমূহৰ লুণ্ঠন ৰাজ চলাই যাব বিচাৰে”।

এই সন্দৰ্ভত বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ কেন্দ্ৰীয় সহঃ সচিব কৃষ্ণ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “ভাৰত চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত মুক্ত ভাবে কয়লা খনন কৰি বৰ্ষাৰণ্যখনত থকা বিভিন্ন জীৱ-জন্তুৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিব বিচৰিছে সেই কামক আমি ধিক্কাৰ দিছো আৰু আমি চৰকাৰখনক আহ্বান জনাইছো চৰকাৰে অতি শীঘ্ৰে দিহিং-পাটকাইত কয়লা খননৰ অনুমতি বাতিল কৰক। চৰকাৰে দিহিং-পাটকাইত কয়লা খননৰ অনুমতি বাতিল নকৰিলে আমি বহি নাথাকো, আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হম”। চৰকাৰে যাতে ভৱিষ্যতে প্ৰকৃতিক ক্ষতি কৰা কোনো ধৰণৰ সিদ্ধান্ত নলয় এই সম্পৰ্কেও চৰকাৰক সকীয়াই দিয়ে বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ কেন্দ্ৰীয় সহঃ সচিব কৃষ্ণ গগৈয়ে।

দিহিং-পাটকাই বৰ্ষাৰণ্য মূলতে চিৰসেউজীয়া বনাঞ্চল, বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে ৪২ বিধ স্তন্যপায়ী প্ৰাণী, ৩০ বিধ পখিলা, ৪০ বিধ সৰীসৃপ প্ৰাণী হলৌ বান্দৰ, লাজুকী বান্দৰ, টুপীমূৰীয়া বান্দৰ, ঢেকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, হাতী আৰু বহু বন্যপ্ৰাণীৰ বাসস্থান। বৰ্ষাৰণ্যখনত চৰকাৰে কয়লা খননৰ অনুমতি প্ৰদান কৰাৰ পিছত ৰাজ্যজুৰি ইয়াৰ বিৰোধিতা দেখিবলৈ পোৱা গৈছে যদিও দিহিং-পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খনন বহু পূৰ্বৰে পৰা চলি থকাৰ বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই আছে।