বকো, সংবাদ ৩৬৫, ৩ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ ভাষিক অধ্যুষিত পালপাৰা গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে মাটিৰ চাকি প্ৰস্তত কৰাত ব‍্যস্ত হৈ পৰিছে মৃৎশিল্পী সকল। ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত পালপাৰা গাৱৰ আবাল-বৃদ্ধ, মহিলা, যুৱক-যুৱতী সকলে পোহৰৰ উৎসৱ দিপাৱলীৰ বাবে মাটিৰ চাকি নিৰ্মান কৰাত ব্যাস্ত হৈ পৰিছে। মৃৎশিল্পৰ জৰিয়তেই গাওঁখনৰ প্ৰায় ৬০টাকৈ পৰিয়ালে জীৱন নিৰ্ব্বাহ কৰি আহিছে । চৰকাৰী সহায় সাহাৰ্য অবিহনে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মৃৎশিল্পী সকলে মাটিৰ চাকি, টেকেলি, চৰু,কলহ, টাব আদিকে ধৰি দৈনন্দিন প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰীৰ লগতে প্ৰতিমা প্ৰস্তুত কৰিয়েই চলাই আছে নিজৰ পৰিয়াল। স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলেও নিজৰ পঢ়া শুনাৰ খৰচ উলিয়াইছে মাটিৰ চাকি প্ৰস্তুত কৰি। কিন্তু এই সকল দৰিদ্ৰ মৃৎশিল্পীৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই ৷ চৰকাৰী বিভিন্ন অাচনিৰ পৰা বঞ্চিত এই সকল শ্ৰমজীৱি গঞা ৷ পুৰণি কলীয়া সা-সজুলিৰে কঠোৰ পৰিশ্ৰম কৰি প্ৰস্তুত কৰা মাটিৰ চাকিবোৰ শিল্পী সকলে খুচুৰা বিক্ৰী কৰাৰ লগতে যুগ-যুগ ধৰি ৰাজ্যৰ বিভিন্ন জিলাত পাইকাৰী হিচাপত বিক্ৰী কৰি আহিছে । মাটিৰ সামগ্ৰীৰ চাহিদা কৰি অহাৰ বিপৰিতে প্লাষ্টিকৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাত মৃৎশিল্পী সকলৰ পানীত হাহঁ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷সম্প্ৰতি চীনা সামগ্ৰীয়ে বজাৰ দখল কৰাৰ সময়তে পালপাৰা গাৱৰ যুৱক-যুৱতী, মহিলা সকলে কঠোৰ শ্ৰমেৰে নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে শাৰী শাৰী মাটিৰ চাকি আৰু বিভিন্ন সা-সামগ্ৰী । এই মাটিৰ চাকিৰ পোহৰে উদ্ভাসিত কৰি তুলিব দিপাৱলীৰ সন্ধিয়া। এই দৰিদ্ৰ শিল্পীৰ মাটিৰ চাকিয়ে আনৰ ঘৰ বা পদুলিমুখ পোহৰাব যদিওঁ নিজৰ ঘৰখনত পোহৰ নাই ৷ কাৰণ- চৰকাৰী অভিলাখি আচনিয়ে ঢুকি পোৱা নাই এইখন পালপাৰা গাৱত ৷ নিৰ্ব্বাচন পাৰ হোৱাৰ পিছত গাওঁবাসীলৈ উভতি চাবলৈ আহৰি নাই স্থানীয় বিধায়িকা নন্দিতা দাসৰ ৷ ষাঠিৰ উৰ্ধৰ বৃদ্ধ বা বৃদ্ধাই পোৱা নাই বৃদ্ধ পেঞ্চন বা শিল্পী পেঞ্চন ৷ জীৱনৰ বিয়লি বেলাতো কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে বয়োজেষ্ঠ সকলে ৷ সমান্তৰালকৈ চৰকাৰী আৱাস গৃহ, শৌচালয় আদিৰ পৰাওঁ বঞ্চিত গাওখনৰ দৰিদ্ৰ গঞা।