গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী : দুঃসাহসিক যাত্ৰাৰ প্ৰতি আগ্ৰহী সকলৰ বাবে কে টি এমে বজাৰলৈ আনিছে নতুন বাইক। বিশ্বৰ আগশাৰীৰ বাইক নিৰ্মাতা কোম্পানীটোৱে দুঃসাহসিক যাত্ৰাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে এডভেঞ্চাৰ ৩৯০ নামেৰে নতুন মডেল।

বৰ্তমান যুৱপ্ৰজন্মৰ পচন্দৰ বাইক সমূহৰ ভিতৰত অন্যতম বাইক হৈছে কে টি এম কোম্পানীৰ বাইক। কে টি এম কোম্পানীৰ বিভিন্ন মডেল বাইক সমূহে যুৱপ্ৰজন্মক আকৰ্ষিত কৰি অহাৰ মাজতে কে টি এমে বজাৰলৈ মেলি দিছে অন্য এক নতুন মডেলৰ বাইক। বিশেষকৈ দুঃসাহসিক যাত্ৰাৰ প্ৰতি আগ্ৰহী সকলৰ প্ৰতি লক্ষ্য ৰাখি কে টি এম কোম্পানীয়ে বজাৰলৈ আনিছে এডভেঞ্চাৰ ৩৯০ নামেৰে নতুন মডেল। কোম্পানীয়ে কেইবাটাও অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই নতুন মডেলটো দুঃসাহসিক যাত্ৰাৰ ক্ষেত্ৰত অধিক উপযোগী হ’ব বুলি বিবেচিত হৈছে। যিকোনো পথত তথা স্থানত অতি সহজে যাত্ৰা কৰিব পৰা এই বাইকখনে কম দিনৰ ভিতৰতে এক বৃহৎ বজাৰ দখল কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

মহানগৰীৰ ছয়মাইলস্থিত কে টি এম বাইকৰ শ্ব’ৰুমত শুকুৰবাৰে পোনপ্ৰথমবাৰৰ মুকলি কৰা হয় কে টি এমৰ নতুন মডেল এডভেঞ্চাৰ ৩৯০। দুচকীয়া বাহনখনৰ নতুন মডেল মুকলিৰ পিছতে বহু গ্ৰাহকে শ্ব’ৰুমত ভিৰ কৰা পৰিলক্ষিত হয়। কে টি এমৰ এডভেঞ্চাৰ ৩৯০ বাইকখন যুৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে শ্ব’ৰুমত কৰ্মৰত লোক সকলে।