মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

৬ ছেপ্তেম্বৰ

বি টি চি পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ তুংগত। ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে দিন নিশাই একাকাৰ কৰি পেলাইছে ৰাজনৈতিক দল সমূহে৷ ইয়াৰে মাজতে বি টি চিৰ প্ৰতিটো সমষ্টিতে দল বাগৰা ৰাজনীতিৰ ধুম উঠিছে৷

দেওবাৰে বি টি চিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ২ নং ছেৰফাংগুৰী গাঁৱত বি পি এফ দলৰ ছেৰফাংগুৰী প্ৰাইমাৰীৰ সভাপতি বাসু দেৱ সেনৰ সভাপতিত্বত অনুষ্ঠিত হয় এক যোগদান সভা৷ উক্ত যোগদান সভাত কংগ্ৰেছ আৰু জি এছ পি দল ত্যাগ কৰি দুই শতাধিক পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে। যোগদান সভাত অংশগ্ৰহণ কৰি ২৮ নং গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, শ্ৰীৰামপুৰ ব্লক বি পি এফৰ সভাপতি হাছেন আলী, শ্ৰীৰামপুৰ সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী আব্দুল খালেক মণ্ডল, বি পি এফ দলৰ গোসাইগাঁও জিলা মহিলা গোটৰ উপ সভানেএী মুহিদা বেগমে বি পি এফ দলত যোগদান কৰা লোক সকলক এখন ফুলাম গমোচা আৰু দলীয় পতাকা প্ৰদান কৰি দললৈ আদৰণি জনায়৷ উক্ত যোগদান সভাত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে কয় যে বি পিএফ দলে বি টি চিৰ আমুল পৰিৰ্ৱতন আনিবলৈ সক্ষম হৈছে। বি টি চিত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বি পিএফ দলক পুনৰাই বি টি চিত ক্ষমতাত অধিষ্ঠিত কৰাবলৈ ৰাইজক আহ্বান জনায় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে৷ সভাত গোসাইগাঁও নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীয়ে বি পিএফ দলৰ নীতি আদৰ্শ, বি পিএফ দলৰ ১৭ বছৰীয়া শাসনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি ভাষন আগবঢ়ায় কয় বি টি চিবাসীৰ বাবে একমাত্ৰ উওম দল হৈছে বি পি এফ দল কাৰণ এই দলেই সকলো জনগোষ্ঠীক সম-বিকাশ , সম-অধিকাৰ, সম-উন্নয়ন দিব পৰা একমাত্ৰ দল।

উল্লেখযোগ্য যে ছেৰফংগুৰী ভি চি ডি চিৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমানৰ নেতৃত্বত দুই শতাধিক পুৰুষ-মহিলাই অন্য দল ত্যাগ কৰি বি পি এফ দলত যোগদান দিয়াত ছেৰফাংগুৰীত বি পি এফ দলৰ ভেটি নিশ্চিতভাৱে শক্তিশালী অবস্থাত উপনীত হ’ল সেয়া ছেৰফানগুৰীৰ ৰাইজে প্ৰমান কৰি দেখুৱালে বুলি মন্তব্য প্ৰকাশ কৰে বি পি এফ দলৰ ছেৰফাংগুৰীৰ প্ৰাৰ্থী আব্দুল খালেক মাণ্ডলে। ছেৰফাংগুৰীৰ বি পি এফ দলৰ প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে ছেৰফাংগুৰীত তেওঁৰ জয় নিশ্চিত।