বৰপেটা

১২ আগষ্ট

বৰপেটা জিলাৰ বানিয়াৰাপাৰা বজাৰত চলিছে দুখীয়াৰ ওপৰত ধনী আৰু বাহুবলীৰ অত্যাচাৰ। বানিয়াৰাপাৰা বজাৰৰ চৰকাৰী গৃহত কোঠা বনাই অবৈধ ভাৱে বিক্ৰীৰ অভিযোগ। পাচলিৰ দোকানীৰ পৰাও দাবী ধমকিৰে আদায় কৰিছে ৬০ হেজাৰ টকা। ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া। থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল।

সমাজৰ একাংশ স্বাৰ্থপৰ লোকে বাহুবলেৰে দুখীয়াক শোষণ, লুন্ঠন, শাৰীৰিক প্ৰহাৰ আৰু দুখীয়াৰ ৰক্ত পানৰ লগতে হত্যা পৰ্যন্ত কৰাৰ ঘটনা নতুন নহয়। যোগ যোগ ধৰি একাংশ ধনী আৰু বাহুবলীৰ অত্যাচাৰ বলি হৈ আহিছে সমাজৰ দুখীয়া শ্ৰেণীৰ বহু ৰাইজ। শেহতীয়াকৈ বৰপেটা জিলাৰ বানিয়াৰাপাৰা বজাৰত পুনৰ সংঘটিত হৈছে দুখীয়াৰ ওপৰত ধনী আৰু বাহুবলীৰ অত্যাচাৰ। বানিয়াৰাপাৰা বজাৰস্থিত মাছ বজাৰৰ চৰকাৰী গৃহত অবৈধ ভাৱে ৭ টা কোঠা নিৰ্মাণ কৰি প্ৰতিটো কোঠা ৬০ ৰ পৰা ৭০ হেজাৰ টকাত বিক্ৰী কৰা অভিযোগ উত্থাপিত হৈছে। সাধাৰণ পাচলি দোকানীৰ পৰাও নিৰ্দয় ভাৱে আদায় কৰিছে ৬০ হেজাৰ টকাকৈ। ধন সংগ্ৰহ কৰিছে যদিও সংগ্ৰহকাৰী কোনো এগৰাকী দোকানীকে প্ৰদান কৰা হোৱা নাই ধন সংগ্ৰহৰ ৰচিদ। আনহাতে মাছ বজাৰত মাছ বিক্ৰেতা সকলৰ পৰাও বজাৰত মাছ বিক্ৰী কৰাৰ বাবে বিচৰা হৈছে ৭ হেজাৰ টকা। ধন আদায় দিব নোৱাৰাৰ বাবে মাছ বিক্ৰেতা সকলে তীক্ষ্ণ ৰ’দত দেহা পুৰি আৰু বৰষুণত তিতি ফুটপাতত মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে।

ঘটনা সন্দৰ্ভত কুমল্লীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমা পাৰবীন চুলতানা খানম, আলাল উদ্দিন, জাকিৰ হুছেইন, কামাল হাচান আৰু হৰমুজ আলীৰ নামত বৰপেটা সদৰ থানাত ৰাইজৰ হৈ শফিকুল ইছলামে এজাহাৰ দাখিল কৰাৰ লগতে ঘটনা সন্দৰ্ভত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াক ৰাইজে লিখিত ভাৱে অৱগত কৰিছে। অৱশ্যে ৰাজহুৱা সম্পত্তি বিক্ৰীকাৰী সকলৰ বিৰুদ্ধে কোনো পক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।