গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মে’ : ৰাজধানী চহৰ গুৱাহাটীৰ সমীপৰ সোণাপুৰ জিলা চিকিৎসালয়ত বিগত দুদিনত ১০১ জন কৰ’ণা আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। সোণাপুৰ জিলা চিকিৎসালয়ত পূৰ্বে তিনিজন ৰোগীক ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত তিনিজন ৰোগী সুস্থ হৈ উঠাত তিনিওজন ৰোগী ঘৰলৈ উভতি গৈছে।

তিনিজন কৰ’ণা আক্রান্ত ৰোগী সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ সুস্থ হৈ উঠাৰ পিছত জিলা চিকিৎসালয়খনত কৰ’ণা ৰোগী অনা হোৱা নাছিল। স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে বুধবাৰে দুপৰীয়াৰ পৰা বৃহস্পতিবাৰে ১০ বজালৈ ১০১ জন কৰ’ণা আক্ৰান্ত নতুন ৰোগীক সোণাপুৰস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা জিলা চিকিৎসালয়ত চিকিৎসাৰ ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা অনুসৰি সোণাপুৰ জিলা চিকিৎসালয়ত ১ এপ্ৰিলত মৰিগাঁও জিলাৰ তিনিগৰাকী কৰ’ণা আক্ৰান্তৰ ৰোগীক ভৰ্তি কৰোৱা হৈছিল আৰু সেই তিনিওজন ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ উভতি গৈছে।