গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰী : বৃহত্তৰ হেঙেৰাবাৰী মেডাম-মে-ফিয়ে ২৪ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে চলিত বছৰত।

উল্লেখযোগ্য যে হেঙেৰাবাৰীৰ বৰবাৰীৰস্থিত গুৱাহাটী ৰাজধানী টাই আহোম কলা সংস্কৃতি বিকাশ কেন্দ্ৰ প্ৰাংগণত বিভিন্ন বাধা নেওচি পালন কৰি আহিছে মে-ডাম-মে-ফি।

বিগত বছৰবোৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ব মে-ডাম-মে-ফি। এই মে-ডাম-মে-ফিয়ে ২৪ টা বছৰ অতিক্ৰম কৰি এইবছৰত ভৰি দিব ২৫ বছৰত । অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব । ৰূপালী জয়ন্তী বৰ্ষ হিচাপে এইবাৰ অঞ্চলটোত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব মে-ডাম-মে-ফি।

উক্ত অনুষ্ঠানটোত এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ।

ইয়াৰোপৰি উক্ত দিনাই বৰবাৰীৰ মে-ডাম-মে-ফি অনুষ্ঠিত কৰা স্থানৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈকে টাই জনগোষ্ঠীসকলৰ পৰম্পৰাগত সাজ-পোছাকেৰে এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হ’ব।