দুধনৈ, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলাই দুজন এনডিএফবি’ৰ কেডাৰ আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষী আৰু সেনা বাহিনীয়ে চিমাং বসুমতাৰী আৰু চালবিচন বসুমতাৰী নামৰ এনডিএফবি’ৰ কেডাৰ দুজনৰ পৰা দেশত নিৰ্মিত দুটা ৯ এমএম পিষ্টল, দুই ৰাউণ্ড সজীৱ গুলী, চাৰিটা খালি কাৰ্টিজ, দুটা মোবাইল ফোন, এখন বাইকৰ লগতে বহু আপত্তি জনক নথি পত্ৰ জব্দ কৰে৷ জানিব পৰা মতে এনডিএফবি’ৰ কেডাৰ দুয়োজনৰ ঘৰ চিৰাং জিলাত। দুধনৈ আৰক্ষীৰ দল আৰু সেনা বাহিনীয়ে এক গোপন সূত্ৰৰ পম খেদি দুধনৈৰ আমগুৰিত অভিযান চলাই এনডিএফবি’ৰ কেডাৰ দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। দুধনৈ আৰক্ষীয়ে দুয়োজন উগ্ৰপন্থীকে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷