গুৱাহাটী, সংবাদ৩৬৫, ৮ নৱেম্বৰ : ৮ নৱেম্বৰ ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকাৰণৰ জৰিয়তে দেশত তেতিয়াৰ প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোটৰ প্ৰচলন বন্ধ কৰি দিয়াৰ লগে লগে সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। হঠাতে লোৱা প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তই উত্তাল কৰি তুলিছিল দেশৰ ৰাজনীতি। কংগ্ৰছৰ লগতে বিৰোধী দল সমূহে প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিছিল ৰাজপথলৈ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকাৰণৰ দুবছৰ সম্পূৰ্ণ হ’ল। মোদীৰ বিমুদ্ৰাকাৰণে ক’লা ধন ঘূৰাই অনাৰ লগতে নকল নোটৰ প্ৰচলন আৰু সন্ত্ৰাসবাদ নিয়ন্ত্ৰণত কিমান সফল হ’ল ইয়াৰ সঠিত উত্তৰ কিন্তু এই দুবছতো স্পষ্ট হোৱা নাই। বিমুদ্ৰাকৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিফল পদক্ষেপৰ লগতে বিমুদ্ৰাকৰণ বিজেপি দলৰ এক বৃহৎ কেলেংকাৰী বুলিও অভিহিত কৰি কংগ্ৰেছ দলে আজি সমগ্ৰ দেশতে বিৰোধ প্ৰদৰ্শন কৰে। মহানগৰী গুৱাহাটীৰ ৰিজেৰ্ভ বেংকৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে বিমুদ্ৰাকৰণৰ দুবছৰ সম্পূৰ্ণ হোৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, মন্ত্ৰী ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, দেৱব্ৰত শইকীয়াকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী। প্ৰতিবাদী সকলে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে ৰিপুন বৰা, দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কেইবাগৰাকী কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰি পানবজাৰ থানত লৈ যায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰ পূৰ্বে লোৱা বিমুদ্ৰাকাৰণৰ সিদ্ধান্তক দেশ বিৰোধী বুলি মন্তব্য প্ৰকাশ কৰি বিমুদ্ৰাকাৰণৰ জৰিয়তে বিজেপিৰ ক’লা ধন বগা কাৰ হ’ল দাবী কৰে।বিমুদ্ৰাকৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লা ধন ঘূৰাই অনাৰ লগতে নকল মুদ্ৰাৰ প্ৰচলন বন্ধ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নিয়ান্তৰ কৰাৰ যি যুক্তি প্ৰদৰ্শন কৰিছিল ইয়েৰে কোনো এটাতে বিজেপি দল সফল হ’ব পৰা নাই বুলি কংগ্ৰেছেৰ সভাপতি গৰাকীয়ে বিজেপিক আক্ৰমণ কৰে।