বটদ্ৰৱা, সংবাদ ৩৬৫, ২৭ অক্টোবৰ: ‌যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগত ৬ৰ পৰা ১৪ বছৰ বয়সলৈ সকলো শিশুক বিদ্যালয়মূখী কৰাৰ উদ্দেশ্যে বিনামূলীয়া পাঠ্যপুথি যোগান, মধ্যহ্ন ভোজন ,বিনামূলীয়া ইউনিফৰ্ম আদি যোগান ধৰি শৈক্ষিক বিপ্লৱ অনাৰ প্ৰচেষ্টা হাতত লোৱাৰ লগতে গুণোৎসৱৰ মাজৰে ৰাইজৰ মাজত শিক্ষাৰ নৱ জাগৰণ লাভ কৰিছে তেনে সময়তে এচাম দুৰ্নীতিগ্ৰস্থ বিদ্যালয় প্রধানৰ বাবে ৰাজ্য চৰকাৰৰ সকলো প্রচেষ্টাই ফুটুকাৰ ফেনত পৰিণত হৈছে। ‌প্ৰাপ্ত অভিযোগ মতে নগাওঁ জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ টুকটুকী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক জহুৰ উদ্দিনে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মধ্যহ্ন ভোজনৰ বাবে অহা চাউল ও ধন আত্মসাৎ কৰি বিগত দুমাহে কণ কণ ছাত্ৰ ছাত্ৰীক মধ্যহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ ‌সভাপতি বাচিৰ উদ্দিন আহমেদৰ লগতে অভিভাৱক সকলে ।বিদ্যালয় খনৰ প্ৰধান শিক্ষকে বিদ্যালয়ৰ মধ্যহ্ন ভোজনৰ ধন আত্মসাৎ কৰি,মধ্যহ্ন ভোজন বন্ধ ৰখাৰ লিখিত অভিযোগ স্থানীয় খণ্ড শিক্ষা বিষয়াক প্ৰেৰণ কৰিছে বুলি টুকটুকী সমল কেন্দ্ৰৰ সমল ব্যক্তি নুৰুল হকে সংবাদ মাধ্যমক জানিব দিয়ে।
‌উল্লেখ্য যে বিদ্যালয়খনৰ আন্তঃগাথঁনি নিম্নমানৰ হোৱা বাবে বৰ্তমানেও স্থানীয় অঙ্গনবাদী কেন্দ্ৰত পাঠদান চলাই থাকিব লগীয়া হৈছে যদিও আন্তঃগাথঁনি উন্নয়নত কোনো গুৰুত্ব আৰূপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। অনাগত দিনত পৰিৱৰ্তনকামী চৰকাৰৰ দাম্ভিক শিক্ষা মন্ত্ৰীয়ে এনে শিক্ষা গুৰুৰ ওপৰত কেনে ধৰণৰ পদক্ষেপ লয় সেয়া লক্ষণীয় হব।