দুলীয়াজান, সংবাদ ৩৬৫, ১৬ জুলাইঃ সোমবাৰে দুপৰীয়া দুলিয়াজান আৰক্ষীৰ হাতত ধৰা পৰে ডিব্ৰুগড়ৰ পল্টন বজাৰৰ মিঠু ৰায় ( ২৮) আৰু পল্টনবজাৰত ভাৰাতীয়া হিচাপে থকা বিহাৰৰ সুৰজ চাহানি (২৫) । এই প্ৰৱঞ্চক দুজনে আজি কিছুদিনৰ পৰা কাগজেৰে পাচঁশ টকীয়া ন’টৰ বান্দিল বনায় আৰু তাৰ ওপৰত এখন অৰিজিনেল পাচঁশ টকীয়া নোট দি বেংকত গ্ৰাহকক প্ৰৱঞ্চনা কৰি দীৰ্ঘদিনৰ পৰা ধন লুট কৰি আহিছিল । সোমবাৰে দুপৰীয়া দুলীয়াজান ষ্টেটবেংক শাখাত এজন গ্ৰাহকক এনেদৰে ঠগিবলৈ লওঁতেই পূৰ্বতে অভিজ্ঞতা থকা গ্ৰাহক এগৰাকীয়ে প্ৰৱঞ্চক দুটাক চিনি পাই আৰু তাৰ পিছতে চিঞৰ বাখৰ কৰে। লগে লগে ওচৰত থকা অন্য গ্ৰাহক সকলে দুই প্ৰৱঞ্চকক ধৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ধৃত প্ৰৱঞ্চক দুটাৰ পৰা কাগজেৰে বনোৱা নকল পাচঁশ টকীয়া বান্দিল আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে তেওঁলোকে ডিব্ৰুগড় জিলাৰ উপৰিও দিল্লী, মুম্বাই আদিটো এনেদৰে বেংকত প্ৰৱঞ্চনা কৰি অহা বুলি জানিব পোৱা গৈছে।