কলগাছিয়া, ২৮ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়াৰ তিনি শতাধিক পৰিয়াল। প্ৰায় তিনিমাহ ধৰি বেঁকী নদীয়ে বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদং , মহম্মদপুৰ আৰু ৰছুলপুৰ গাওঁত কালৰূপ ধাৰণ কৰি প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাটি ভেটি উছন কৰি সৰ্বহাৰা কৰাৰ পিছতো বৰপেটা লোকসভাৰ সাংসদ ছিৰাজউদ্দিন আজমল আৰু জনীয়াৰ বিধায়ক আব্দুল খালেকে বৰ্তমানলৈ কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে খহনীয়াগ্ৰস্ত লোকে। লগতে বিধায়ক আব্দুল খালেকে ৰাইজৰ উন্নয়নত পিঠি দি থকাৰ অভিযোগ কৰি বাঁহৰ পাৰ্কুপাইনেৰে কাদঙৰ বেঁকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টিত ২০ লাখ টকা ঠিকাদাৰে হৰলুকি কৰাৰ অভিযোগ তুলি বিধায়ক আব্দুল খালেকৰ প্ৰতিকৃতি দাহ কৰে স্থানীয় লোকে।